top of page
Search

ৰবীন্দ্ৰ ভৱনত আততায়ীৰ নুফুটা গুলী, দিছপুৰলৈ হেমেন দাসৰ বিশাল সমদল, ২৫ হাজাৰ টকাৰ বন্ধকী বিহীন ঋণ

তাজুদ্দিন আহমেদ



১৯৮৩ৰ হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন অসমৰ কংগ্ৰেছ(ই)ৰ চৰকাৰখন অসমীয়াৰ আশা আকাঙ্খাক উপলব্ধি কৰিবলৈ অক্ষম, এখন সম্পূৰ্ণ জন বিচ্চিন্ন চৰকাৰ আছিল বুলিয়েই বহুতে অভিহিত কৰে।

গণতান্ত্ৰিক চৰকাৰ এখন জনসাধাৰণৰ আস্থা অবিহনে বৰ্তি থকিব নোৱাৰে। সেয়েহে হিতেশ্বৰ শইকীয়াই চৰকাৰখনক বৰ্তাই ৰখাৰ উপায় উলিওৱাটো তেওঁৰ বাবে আছিল এক কঠিন প্ৰত্যাহ্বান। সেইবাবে তেওঁ পোণ প্ৰথমেই অসমৰ যুৱক সকলৰ আস্থা লভিবলৈ নিবনুৱা যুৱক সকলক স্বনিৰ্ভৰশীল কৰি তুলিবলৈ আঁচনি প্ৰস্তুত কৰি তেওঁলোকক সৰল প্ৰক্ৰিয়াৰে কোনো বন্ধকী নোহোৱাকৈ ঋণ দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। ফলত অতি দৰিদ্ৰ ঘৰৰ প্ৰৱেশিকা উত্তীৰ্ণ যুৱক যুৱতীয়েও ২৫ হাজাৰ টকাৰ ঋণ লাভ কৰি জীৱিকাৰ পথ উলিয়াবলৈ সক্ষম হৈছিল।

তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মদিন উপলক্ষে এই আঁচনি খনৰেই শুভাৰম্ভ কৰিবলৈ ১৯৮৩ৰ নৱেম্বৰ মাহৰ ১৯ তাৰিখে গুৱাহাটীৰ আমবাৰীস্থিত ৰবীন্দ্ৰ ভৱন'ত এখন সভা পাতি মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই নিজেই নিবনুৱা যুৱক সকলৰ মাজত ঋণ বিতৰণ কৰিছিল। কিন্তু সেইখন সভাতেই এটা ডাঙৰ অঘটন ঘটিল। মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াক গুলীয়াই মাৰিবলৈ এজন যুৱকে নিচেই ওচৰৰ পৰা প্ৰয়াস কৰিছিল। কিন্তু সৌভাগ্যবশতঃ যুৱকজনৰ পিষ্টলটো নুফুটিল আৰু মুখ্যমন্ত্ৰীৰ সুৰক্ষাত থকা আৰক্ষীয়ে হত্যাৰ প্ৰয়াস কৰা যুৱকজনক গবামাৰি ধৰিলে। এই ঘটনাই অৱশ্যে মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ মন্ত্ৰী মণ্ডলৰ সকলোকে শংকিত আৰু হতাশগ্ৰস্ত কৰিছিল। সেই সময়ত হতাশগ্ৰস্ত হিতেশ্বৰ শইকীয়া একেবাৰে উপায়বিহীন হৈ পৰিছিল। কাৰণ তেওঁক সুপৰামৰ্শ দিব পৰা তেনে কোনো নেতা বিধায়ক তেওঁৰ দলত নাছিল প্ৰায়। যিসকল বিধায়ক দুই-চাৰিটা ভোটেৰে নিৰ্বাচিত হৈ আহিছিল সেইসকলৰো ৰাজনৈতিক, অৰাজনৈতিক নাইবা তেনে কোনো সামাজিক জ্ঞান বৰ বিশেষ নাছিল।

এইখন বিধান সভাত বিৰোধী বুলিবলৈ চিপিআই(এম)ৰ দুজন, চিপিআই'ৰ এজন, কংগ্ৰেছ(স)ৰ দুজন, পিটিচিৰ তিনি জন আৰু কেইগৰাকীমান নিৰ্দলীয় বিধায়ক আছিল। বিৰোধী পক্ষৰ কেৱল হেমেন দাসৰ বাহিৰে অইন কোনো ৰাজনৈতিক আৰু প্ৰশাসনিক জ্ঞান থকা বিজ্ঞ বিধায়ক নাছিলেই। শাসক দলৰো মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, জীৱকান্ত গগৈ, কেশৱ গগৈ, চিলভিয়াছ কন্দপান আদি কেইজনমানৰ বাহিৰে ৰাজনৈতিক, প্ৰশাসনিক জ্ঞান থকা আৰু কোনোৱেই নেতা নাছিল। এনে এখন অনভিজ্ঞ বিধান সভাৰ হাতত অসমৰ ভৱিষ্যত কিমান নিৰাপদ সেইটো এক ডাঙৰ প্ৰশ্ন হৈ পৰিছিল।

সেয়েহে তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই উপায়ন্তৰ হৈ বিৰোধী নেতা হেমেন দাস দেৱৰ উপদেশ আৰু ভাষণক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছিল। দাস ডাঙৰীয়াই আগবঢ়োৱা পৰামৰ্শবোৰ মুখ্যমন্ত্ৰীয়ে বিনাদ্বিধাই মানি লোৱা আমি দেখিবলৈ পাইছিলোঁ।

৮৩'ৰ নিৰ্বাচনৰ সময়ত বিধ্বস্ত হৈ পৰা আইন-শৃংখলা নিয়ন্ত্ৰণৰ ব্যৱস্থাবোৰ শক্তিশালী ৰূপত পুণঃপ্ৰতিষ্ঠা কৰাটো খুবেই জৰুৰী হৈ পৰিছিল। সেই সময়ত নিৰ্বাচন বিৰোধিতা কৰাসকলৰ হাতত সবাতোকৈ বেছি আক্ৰমণৰ বলী হৈছিল চিপিআই(এম) দলৰ কৰ্মীবোৰ। সেয়েহে বিধ্বস্ত আইন-শৃংখলা ব্যৱস্থাটোক লৈ বেছি চিন্তিত হৈছিল চিপিআই(এম) দলৰ নেতা হেমেন দাস। হেমেন দাসে আইন-শৃংখলা পুনৰোদ্ধাৰৰ বাবে দিয়া পৰামৰ্শবোৰ হিতেশ্বৰ শইকীয়াই মানি লৈ অতি সোনকালেই বিভিন্ন স্থানত স্বতঃস্ফুৰ্ত ভাবে সংগঠিত হৈ থকা হিংসাত্মক কাৰ্য্যবোৰ ৰোধ কৰিবলৈ সক্ষম হৈছিল।

সেই সময়ত চিপিআই(এম) এটা শক্তিশালী ৰাজনৈতিক দল আছিল যিটো দলৰ কৰ্মী আৰু সমৰ্থক সকলৰ সংখ্যা নিৰ্বাচনত অৱৰ্তীৰ্ণ হোৱা আন দলবোৰতকৈ সৰহ আছিল। সেয়েহে জনবিচ্ছিন্ন হৈ পৰা হিতেশ্বৰ শইকীয়াৰ বাবে চিপিআই(এম) দলৰ সঙ্গ অতি প্ৰয়োজনীয় হৈ পৰিছিল। মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া'ৰ চিপিআই(এম)ৰ প্ৰতি এনেকুৱা অহেতুক দৰদৰ উমান পাই হেমেন দাস দেৱে সেই সুযোগতে এক বিশাল কৃষক সমাবেশৰ আয়োজন কৰিছিল। হেমেন দাসৰ নেতৃত্বত ১০ হাজাৰৰো অধিক মানুহে কাছাৰীৰ পৰা দিশপুৰলৈ সমদল কৰি গৈছিল। বিদেশী বিতাড়ণ আন্দোলনৰ এই সময়চোৱাত আন্দোলন বিৰোধী ৰাজনৈতিক দলটোৰ এইটো আছিল এক অভূতপূৰ্ব বিশাল সমদল। এই সমদল গৈ দিশপুৰত উপস্থিত হোৱাত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই জনতা ভৱনৰ সন্মুখৰ পথাৰলৈ ওলাই আহি নিজেই চিপিআই(এম)ৰ কৃষক সভাৰ স্মাৰক পত্ৰ গ্ৰহণ কৰিছিল। কৃষক সভাৰ দাবী সমূহ চৰকাৰে পূৰণ কৰিব বুলি আশ্বাস দি কেইবা হাজাৰ কৃষক গোট খোৱা সমাবেশত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই এক দীঘলীয়া ভাষণো দিছিল। মুখ্যমন্ত্ৰী হৈ হিতেশ্বৰ শইকীয়াই তেনেকুৱা এক বিশাল জনসমাবেশত দিয়া এইটোৱেই প্ৰথম ভাষণ আছিল। আন্দোলনকাৰী সকলৰ দ্বাৰা সামাজিক ভাৱে একপ্ৰকাৰ বহিস্কৃত হৈ, জনতা সান্ধ্য আইন আদিৰো সন্মুখীন হোৱা হিতেশ্বৰ শইকীয়াই এই বিশাল জনসমাবেশত দিয়া ভাষণে সমাজত এক বিশেষ ইতিবাচক প্ৰভাৱ পেলাইছিল আৰু আন্দোলনকাৰী পক্ষৰ বাবে এই ভাষণে এক হতশাজনক পৰিস্থিতি কঢ়িয়াই আনিছিল।।

অসম আন্দোলন আৰম্ভ হৈছিল সত্যাগ্ৰহৰে। পাচত আন্দোলনৰ কাৰ্যসূচীত অসম বন্ধ, সামাজিক বহিস্কাৰ আৰু জনতা সান্ধ্য আইন ইত্যাদি কৌশলৰ সংযোগ ঘটিছিল। সামাজিক বহিষ্কাৰ আছিল আন্দোলনৰ বিৰোধীতা কৰা সকলক সমাজৰ পৰা এলাগী কৰা আৰু জনতা সান্ধ্য আইন আছিল বিৰোধী দল, সংগঠনে যাতে কোনো মেল মিটিং ইত্যাদি পাতিব নোৱাৰে, তাৰ বাবে ৰাজবাটেৰে মানুহ অহাত বাধা দিয়াৰ কৌশল।

হিতেশ্বৰ শইকীয়াৰ চৰকাৰখন গঠন হোৱাৰে আদিৰে পৰা স্থবিৰ হৈ থকা প্ৰশাসন ব্যৱস্থা লাহে লাহে চৰকাৰৰ নিয়ন্ত্ৰণলৈ আহিছিল। আন্দোলনৰ নামত যিবোৰ উদ্ভণ্ডালি চলি আছিল সেইবোৰ একপ্ৰকাৰ কমিবলৈ ধৰিছিল। এক শান্তিময় পৰিৱেশ ধীৰে ধীৰে বিৰাজ কৰিছিল বুলিয়েই ক'ব পৰা হৈছিল। কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বেছিভাগ সমষ্টিৰ ৰাইজেই নিজ নিজ সমষ্টিৰ বিধায়ক সকলক সমষ্টিত সামাজিক ভাবে বহিস্কাৰ কৰিয়েই আছিল।

১৯৮৪ চনৰ ৩১ অক্টোবৰত যেতিয়া ইন্দিৰা গান্ধীৰ হত্যাকাণ্ড সংঘটিত হৈছিল, তেতিয়া ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰী পতা হৈছিল। ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হৈ উত্তৰ পূবৰ ৰাজ্যসমূহক অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছিল। প্ৰথমতে অসমৰ উন্নয়নৰ স্বাৰ্থত বিদেশী সমস্যা দূৰ কৰাৰ বাবে আন্দোলনৰ নেতাসকলৰ সৈতে ১৯৮৫ চনত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত কৰিছিল। তাৰ পাচত মিজোৰামৰ মিজো নেশ্বনেল ফ্ৰণ্ট'ৰ সৈতে ১৯৮৬ চনত মিজো চুক্তি সম্পাদন কৰি মিজোৰামক স্বতন্ত্ৰ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিছিল। ফলত মিজো সমস্যাৰো অন্ত পৰি ৰাজ্যখনলৈ শান্তিৰ পৰিৱেশ ঘূৰি আহিছিল। সেই একেদৰেই ১৯৮৭ চনত অৰুণাচল প্ৰদেশকো স্বতন্ত্ৰ ৰাজ্যৰ মৰ্য্যদা প্ৰদান কৰিছিল।

১৯৮৫ চনত অসম চুক্তি হোৱাৰ পুৰ্বে ১৯৮০ চনত ইন্দিৰা গান্ধীয়ে বিদেশী বিতাড়ণৰ বাবে বিদেশী চিনাক্তকৰণ বৰ্ষ হিছাপে ১৯৬৬ চনটো ধাৰ্য্য কৰিবলৈ বিচাৰিছিল। কিন্তু অসম আন্দোলনৰ নেতৃবৃন্দই ইন্দিৰা গান্ধীৰ এই প্ৰস্তাৱক অগ্ৰাহ্য কৰিছিল। কিন্তু ১৯৮০ চনৰ পৰা ১৯৮৫ চনলৈ বিদেশী বিতাড়ণ আন্দোলনৰ তীব্ৰতা লাহে লাহে কমি আহি একেবাৰে অন্তিম পৰ্যায় পাইছিল। তেতিয়া এনে ভাব হৈছিল যে সেই বিদেশী বিতাড়ণ আন্দোলনৰ পৰিসমাপ্তি ঘটিবলৈ বেছি সময় বাকী নাই। কিন্তু হঠাতে ৰাজীৱ গান্ধীয়ে ১৯৭১ চনক বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ কৰাত হিতেশ্বৰ শইকীয়া একপ্ৰকাৰ হতভম্ব হৈ পৰিছিল। নিঃশেষ হব ধৰা আন্দোলনটোক একপ্ৰকাৰ মান্যতা প্ৰদান কৰি উগ্ৰ জাতীয়তাবাদক সজীৱ কৰি তুলিছিল বুলিও ৰাজীৱ গান্ধীৰ ভূমিকাক কিছুমান বুদ্ধিজীৱীয়ে সমালোচনা কৰিবলৈ উদ্যত হৈছিল।

আন্দোলনৰ নেতৃবৃন্দই ৰাজীৱ গান্ধীৰ প্ৰস্তাৱ মানি অসম চুক্তিত স্বাক্ষৰ কৰাত হিতেশ্বৰ শইকীয়াৰ চৰকাৰখনৰ অকাল পতন ঘটিছিল। যিটো ঘটনাক হিতেশ্বৰ শইকীয়াই নিশ্চয় অন্তৰেৰে মানি লোৱা নাছিল। কিন্তু কংগ্ৰেছ হাই কামাণ্ডৰ নিৰ্দেশ অমান্য কৰাতো তেওঁৰ বাবে হয়তো কোনো প্ৰকাৰে সম্ভৱপৰ নাছিল।

যদি ১৯৮০ চনত ইন্দিৰা গান্ধীয়ে আগবঢ়োৱা ১৯৬৬ চনক বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ধাৰ্য্য কৰাৰ প্ৰস্তাৱ আন্দোলনৰ নেতৃবৃন্দই মানি ল'লে হয়, তেন্তে অসমখন হয়তো শ্বহীদৰ তেজেৰে ৰাঙলী নহ'লহয়; নেলী, দৰঙ'ৰ চাউলখোৱা চাপৰি আদিৰ দৰে নৰসংহাৰৰ ঘঠনা সংঘটিত নহ'লে হয়; ছাত্ৰ-ছাত্ৰীয়েও অমূল্য শিক্ষাবৰ্ষ হেৰুৱাবলগীয়া নহ'লহয়; অসমৰ উন্নয়ন স্থবিৰ নহ'লেহয়। তাৰ উপৰিও বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ৫ বছৰ অধিক পালে হয়। অপৰিপক্ক আৰু আবেগসৰ্বচ্চ নেতৃত্বৰ দ্বাৰা পৰিচালিত আন্দোলন কিদৰে ৰাইজ আৰু দেশৰ বাবে ক্ষতিকৰ হ'ব পাৰে ঐতিহাসিক অসম আন্দোলন তাৰেই এক জ্বলন্ত প্ৰমাণ বুলি আজি বহুতেই ক'বলৈ বিচাৰে। এনে একোটা আন্দোলনৰ দ্বাৰা একো একোটা জাতিৰ অধঃপতনহে হয়, উন্নয়ন হয়তো ৰাইজে বিচৰা ধৰণে নহয়। সেই সময়ৰ ঘটনা প্ৰবাহে তাকেই যেন কয়।


::x::x::x::


Disclaimer:


The opinions expressed in this Column are those of the author / columnist and do not necessarily reflect the opinions of the Publisher. The Columnist and the Publisher have taken utmost care to ensure that this writing does not offend anyone, knowingly or unknowingly. The objective of this writing is not to hurt any sentiments or be biased in favor of or against any particular person, society, gender, creed, nation or religion. The Columnist has made every attempt to ensure the accuracy and reliability of the information(s) provided in the writing. However, such information(s) are provided "as is" without warranty of any kind. Neither the Columnist nor the Publisher i.e. Guwahati Grand Poetry Festival or its owner i.e. Nidus Associates & Consultants Private Limited does not accept any responsibility or liability for the accuracy, content, completeness, legality, or reliability of the information(s) contained in the writing. No warranties, promises and/or representations of any kind, expressed or implied, are given as to the nature, standard, accuracy or otherwise of the information(s) provided in this writing nor to the suitability or otherwise of the information(s) to your particular circumstances. The Columnist or the Publisher shall not be liable for any loss or damage of whatever nature (direct, indirect, consequential, or other) whether arising in contract, tort or otherwise, which may arise as a result of your use of (or inability to use) this writing, or from your use of (or failure to use) the information(s) on this writing.


[ Cover Photo Courtesy: Internet ]

58 views

Recent Posts

See All
bottom of page